“ঈশ্বৰৰ পবিত্ৰ ইচ্ছাৰ স্বৰ্গৰ পৰা প্ৰকটিত ধৰ্মৰ উদ্দেশ্য হৈছে পৃথিৱীৰ লোকৰ মাজত একতা আৰু ভাতৃত্ব স্থাপন কৰা; ইয়াক দ্বেষ আৰু ঘৃণাৰ কাৰণ হ’বলৈ নিদিবা৷”


বাহাউল্লা

ভাৰতীয় উপ মহাদেশ প্ৰভুধৰ্মৰ আৰম্ভনীৰ পৰাই বাহাই ইতিহাসৰ সৈতে অতি নিকটতাৰে জড়িত৷ এই উপ-মহাদেশৰ চাইদ-হিন্দি আছিল প্ৰথমজন ব্যক্তি যি দিব্যাত্মা বাবৰ(বাহাউল্লাৰ অগ্ৰদুত) অনুগামী হৈছিল৷ ভাৰতৰ পৰা তেওঁৰ দৰে আন বহতো ব্যক্তি আছিল যি তেওঁৰ অতি চুটি জীৱনকালত বাবৰ স্থানক চিনি পাইছিল৷ তেওঁৰ শিক্ষাৰ পোহৰ ভাৰতৰ গাওঁ আৰু চহৰ ঢুকি পাইছিল যেনে বোম্বাই(এতিয়া মুম্বাই) হাইদ্ৰাবাদ, জহৱানাপুৰ, ৰামপুৰ আৰু পলমপুৰ৷

১৮৭২ চনত ভাৰতৰ ভূমিলৈ বাহাউল্লাৰ শিক্ষাক লৈ অনা প্রথমজন ব্যক্তি আছিল জমাল এফেন্দী, এজন পাৰছিয়ান ভদ্ৰলোক যি সমগ্ৰ উপ-মহাদেশ ভ্ৰমণ কৰিছিল৷ তেওঁৰ ভ্ৰমণ উত্তৰে ৰামপুৰ আৰু লখ্নোৗৰ পৰা আৰম্ভ কৰি পূবে কলিকতা আৰু পশ্চিমে বৰোদ্ৰা আৰু মুম্বাই আৰু শেষত দক্ষিনে চেন্নাই আৰু কলম্বলৈ আছিল য’ত তেওঁ লগপোৱা সকলোকে বাহাউল্লাৰ একতা আৰু ভাতৃত্বৰ শিক্ষাৰ সৈতে চিনাকি কৰাই দিছিল, য’ত নৱাবৰ, ৰাজকুমাৰ আৰু ইংৰাজী শাসকৰ পৰা সাধাৰণ জনগণ পৰ্যন্ত৷ সেই সময়ৰ সাধাৰণ কৃষ্টিৰ বিপৰীতে তেওঁ সকলো সমুদায় আৰু পৃষ্ঠভুমিৰ লোকৰেই সৈতে মিলিত হৈছিল- সকলো সামাজিক স্থান, জাতি আৰু ধাৰ্মিক বিশ্বাসৰ লোক৷

শতিকাৰ শেষৰ পিনে ভাৰতৰ বোম্বে, দিল্লি, পুনে আৰু হায়দ্ৰাবাদত সৰু বাহাই সমুদায় স্থাপিত হয়৷ নিৰন্তৰ ভাৱে বিকশিত হৈ থকা সমুদায়ৰ প্ৰশাসনিক কাৰ্য্যকলাপৰ বাবে বাহাই সকলে ১৯২৩ত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় আধ্যাত্মিক সভাৰ নিৰ্বাচন কৰে৷

বিংশতম শতিকাৰ প্ৰথম দশকবোৰত যেতিয়া বাহাই সমুদায় আকাৰ আৰু শক্তিত বাঢ়িবলৈ ধৰিলে, বাহাউল্লাৰ শিক্ষা লাহে লাহে সমাজৰ চিন্তাবিদ আৰু নেতা সকলৰ মনযোগ আকৰ্ষণ কৰিবলৈ ধৰিলে৷ কেইবাগৰাকী বাহাইৰ সৈতে লগ পোৱাৰ পিছত মহাত্মা গান্ধীয়ে কৈছিল: বাহাই ধৰ্ম হৈছে মানৱজাতিৰ বাবে এক সান্ত্বনাৰ বিষয়৷ একেদৰে ৰবিন্দ্ৰনাথ ঠাকুৰ যি বহুতো বিশিষ্ট বাহাইক লগ পাইছিল বাহাউল্লাক “এছিয়াৰ পৰা অহা নতুন ঈশ্বৰৰ বাৰ্তাবাহক” বুলি কৈছিল যাৰ বাৰ্তা “সভ্যতাৰ বিকাশৰ বাবে অতি মহত্বপূৰ্ণ৷”

১৯৬০ আৰু ৭০ ৰ দশকত বাহeউল্লাৰ বাৰ্তা ভাৰতবৰ্ষৰ জনগণৰ সৈতে প্ৰচাৰ কৰা আৰম্ভ হয়, বিশেষকৈ গাঁও অঞ্চলৰ লোক সকলৰ সৈতে৷ বাহাই শিক্ষাত থকা মুল্যবোৰৰ সৈতে মানুহবোৰৰ হৃদয় অতি স্বতফূৰ্তভাৱে সংলগ্ন হ’বলৈ ধৰিলে, হেজাৰ হেজাৰ ভাৰতীয়ই এই শিক্ষাক তেওঁলোকৰ অতি পূৰণি আকাংক্ষা বাসুদেৱ কুটুম্বকমৰ সম্পূৰ্ণতাৰ ৰূপত দেখিবলৈ ধৰিলে৷ তেওঁলোকে আধুনিক যুগত সমাজাত এই আদৰ্শবোৰৰ প্ৰয়োগ কৰাৰ বাবে এক নতুন প্ৰেৰণা লাভ কৰিলে৷

সহস্ৰাধিকে ইয়াক সিঁহতৰ সমুদায়ে সন্মুখীন হোৱা সমস্যা বোৰৰ সমাধানৰ বাবে প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে৷ কেইবা হেজাৰ গনতান্ত্ৰিকভাৱে নিৰ্বাচিত স্থানীয় বাহাই প্ৰশাসনিক প্ৰতিষ্ঠান ওলাই আহিল যি স্থানীয় সমুদায়ৰ সেৱাদান কৰিবলৈ ধৰিলে৷ শিশু সকলৰ নৈতিক শিক্ষাৰ এক প্ৰয়োজনীয়তাৰ প্ৰত্যুত্তৰত ভাৰতৰ বিভিন্ন গাঁওবোৰত বহুতো শৈক্ষিক কাৰ্যক্ৰম ওলাই আহিবলৈ ধৰিলে৷ ১৯৮০লৈকে শতাধিক গাওঁত শৈক্ষিক বিদ্যালয়ৰ আৰম্ভনী হ’ল আৰু লগতে বহুতো বাহাই শিক্ষাৰ দ্বাৰা প্ৰেৰিত ডাঙৰ ডাঙৰ বিদ্যালয় গঢ় লৈ উঠিলে, লগতে কৃষি খণ্ডত প্ৰকল্প, প্ৰশিক্ষণ কেন্দ্ৰ, শৈক্ষিকতা, পৰিবেশ সংৰক্ষণ, মহিলাৰ শসক্তিকৰণ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ ধৰিলে৷

নতুন দিল্লীত উপাসনা গৃহৰ নিৰ্মাণ কৰা কাৰ্য্যই সম্ভৱত সকলোতকৈ অধিক পৰিচিত চিহ্ন প্ৰদান কৰিলে যি বাহাউল্লাই কল্পনা কৰা মানৱ হৃদয় আৰু সমাজিক পৰিৱৰ্তনক চিহ্নিত এক উন্নত সমাজ অতি দুৰ্দশাজনক অৱস্থাবোৰৰ পৰাও ওলাই আহিব পাৰে৷ ইয়াক এক একতাৰ প্ৰতীক ৰূপেও চোৱা হয়৷ ১৯৮৬ত ইয়াৰ শুভাৰম্ভনীৰ পৰাই প্ৰতিদিনে সকলো ধৰ্ম, জাতি আৰু ৰাষ্ট্ৰীয় পৃষ্ঠভুমিৰ পৰা প্ৰায় দহ হেজাৰ লোকে ইয়াৰ প্ৰেক্ষাগৃহত একেলগে মৌনভাৱে তেওঁলেকৰ এক সাধাৰণ সৃষ্টিকৰ্তাক প্ৰাৰ্থনা কৰে৷

যিদৰে ভাৰতত বাহাই সমুদায় আকাৰ আৰু ক্ষমতাত বিকশিত হ’বলৈ ধৰিলে, ই সমাজিক জীৱনত অতি মহত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ধৰিলে৷ বৰ্ধিত সংখ্যক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সামুদায়িক সামঞ্জস্য, লিঙ্গৰ সমানতা, শিক্ষা, নাৰী আৰু পুৰুষৰ সমানতা, প্ৰশাসন আৰু বিকাশৰ ক্ষেত্ৰত চিন্তাৰ পৰিধিক আকাৰ প্ৰদান কৰাত বাহাই অৱদান মহত্বপূৰ্ণ৷

আজি ভাৰতবৰ্ষত বাহাইৰ সংখ্যা দুই নিযুততকৈ অধিক৷ তেওঁলোক এনে সমুদায় নিৰ্মাণৰ অৱদান আগবঢ়োৱাৰ দ্বাৰা দেশৰ সেৱাদানত সমৰ্পিত যি একতা আৰু ন্যায়ক প্ৰতিফলিত কৰে, আৰু সকলোধৰণৰ ভেদভাৱৰ পৰা মুক্ত, য’ত নাৰী আৰু পুৰুষ একেলগে কান্ধত কান্ধ মিলাই সমাজৰ সেৱাদানত অগ্ৰসৰ, য’ত শিশু আৰু যুবক উভয় আধ্যাত্মিক আৰু বৈজ্ঞানিক শিক্ষা লাভ কৰে, আৰু য’ত সমুদায়ৰ আধ্যাত্মিক জীৱনে ইয়াক সমজাৰ ক্ষতিকাৰক শক্তিবোৰৰ পৰা বচাই ৰাখে৷

Scroll Up