“মই আনৰ দৰেই এক মানৱ আছিলো, মোৰ বিচনাত নিদ্ৰামগ্ন, আৰু তেতিয়াই, সৰ্বমহিমাময়ৰ মৃদু বতাহ আমাৰ ওপৰেৰে প্ৰবাহিত হৈছিল, আৰু মোক সকলো অস্তিত্বৰ জ্ঞান শিকাইছিল৷ এয়া মোৰ পৰা অহা নহয় বৰং তেওঁৰ পৰা অহা যি সৰ্ব শক্তিমান আৰু সৰ্বজ্ঞাতা, … তেওঁৰ সৰ্ব বাধ্যকাৰী চমনৰ মোক গ্ৰাসিত কৰিছিল, আৰু সকলো লোকৰ মাজত তেওঁৰ প্ৰশংসা গান কৰিবলৈ নিৰ্দেশ কৰিছিল৷ ”


বাহাউল্লা

ঊনৈশ শতিকাৰ মাজভাগ মানৱজাতিৰ জীৱনৰ বাবে এক নতুন চেতনাৰ সময় আছিল৷ সমগ্ৰ ইউৰোপ, দক্ষিন আমেৰিকা, চীন, ভাৰত আৰু উত্তৰ আমেৰিকাত এটাৰ পিছত আনটোৰ জণসমুদায়ে শোষনকাৰী ৰাজনৈতিক আৰু সামাজিক ব্যবস্থাক ওফৰাই পেলাবৰ বাবে ঠিয় দিছিল৷ এয়া অনুমান হৈছিল যেন মানৱ সচেতনতা কাৰ্যহীনতা আৰু সমৰ্পণৰ এক দীঘল নিশাৰ পৰা সজাগ হৈছিল৷

প্ৰত্যেক ঠাইতেই ন্যায়, সমানতা, আৰু মহানতাৰ আধাৰত এক নতুন সমাজৰ নিৰ্মাণৰ বাবে এক দুৰদৃষ্টিৰ প্ৰয়োজন হৈছিল৷ এই চেতনা যে এক মহান যুগৰ উদয় মানৱৰ হাতত সেই সময়ৰ বিশ্বৰ সকলো কবিৰ শব্দত প্ৰকাশ লাভ কৰিছিল৷ যিদৰে ৰবিন্দ্ৰনাথ ঠাকুৰে লিখিছিল, “এই আহ্বান বৰ্তমানৰ সকলো ব্যক্তিৰ সন্মুখত যে তেওঁ নিজকে আৰু নিজৰ চৌপাশক এক নতুন যুগৰ বাবে প্ৰস্তুত কৰা উচিত য’ত তেওঁলোকে এয়া দেখিব যে তেওঁৰ আত্মা সকলো মানৱজাতিৰ সৈতে এক আধ্যাত্মিক একতাত আছে৷”

এনে এক সময়ত, প্ৰায় সকলো দেশৰ অজ্ঞাতে, বাহাউল্লাৰ আবিৰ্ভাৱৰ সৈতে ঈশ্বৰৰ পৰা নতুন বাৰ্তাৰ সূৰ্য্য ইৰাণত উদয় হৈছিল৷ বাউল্লাই শিকায় যে, ঈশ্বৰ এটাই, সকলো ধৰ্ম একেটি ঈশ্বৰৰ পৰা অহা আৰু নিজৰ সাৰত সত্য, আৰু এয়া যে সমগ্ৰ মানৱজাতিৰ একতাৰ বাবে সময় আহি পৰিছে৷

বাহাউল্লাৰ জীৱন সেই একেই বৈশ্ষ্টবোৰৰ দ্বাৰা বিশিষ্ট আছিল যি আন আন মহান ধৰ্মৰ প্ৰতিস্থাপক সকলৰ ভৌতিক জীৱনক বিশিষ্ট কৰিছিল৷ ১৮১৭ চনত ইৰাণৰ এক ধনী আৰু মহান ব্যক্তিৰ ঘৰত জন্ম লাভ কৰি, তেওঁৰ সৰুকালিৰ সময়ছোৱাত বাহাউল্লাই অসাধাৰণ বুদ্ধিমত্তাৰ প্ৰদৰ্শন কৰিছিল৷ তেওঁৰ দয়ালুতা, উদাৰতা, আৰু ন্যায়ৰ গুণবোৰো তেনেই অসাধাৰণ আছিল৷ তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত তেওঁক ৰজাৰ মহলত এক উচ্চ পদ প্ৰদান কৰা হৈছিল, যি তেওঁ বিনম্ৰভাৱে অগ্ৰাহ্য কৰি তাৰ পৰিৱৰ্তে তেওঁৰ জীৱন নিপড়ীত, ৰুগীয় আৰু দুখীয়া সকলৰ সহায়ৰ বাবে সমৰ্পিত কৰিছিল৷

ঊনৈশ শতিকাৰ মাজভাগত যেতিয়া বাহাউল্লাই এক নতুন ধৰ্মৰ প্ৰতিষ্ঠাপকৰ ৰূপত নিজৰ মিচন ঘোষনা কৰিছিল, তেওঁৰ শিক্ষা আধুনিক দুৰদৃষ্টিৰ বাবে যুগান্তকাৰী আছিল৷ তেওঁৰ আদৰ্শৰ কেন্দ্ৰ—এয়া সময় আহি পৰিছে যে মানৱজাতিয়ে ইয়াৰ একতাক উপলব্ধি কৰিব পাৰে—ৰ লগতে আন সামাজিক শিক্ষা প্ৰদান কৰিছিল যেনে নাৰী আৰু পুৰুষৰ সমানতা, বিজ্ঞান আৰু ধৰ্মৰ সামঞ্জস্যতা, সত্যৰ স্বতন্ত্ৰ অনুসন্ধানৰ প্ৰয়োজনীয়তা, পুৰোহিতবাদৰ সমাপন, সকলোধৰনৰ ভেদভাৱৰ ত্যাগ, আৰু সকলোৰে বাবে শিক্ষা৷

তেওঁৰ শিক্ষাই সেই সময়ৰ ধাৰ্মিক আৰু ৰাজনৈতিক নেতা সকলৰ মাজত বিৰোধৰ ধুমুহাৰ সৃষ্টি কৰিছিল যি এতিয়াও মধ্যযুগৰ আদৰ্শেৰে জীৱন যাপন কৰিছিল৷ ইৰানৰ চিয়া ধৰ্মগুৰু আৰু সেই সময়ৰ দুটি আটাইতকৈ শক্তিশালী দৰবাৰ—ইৰানৰ ৰজা আৰু তুৰস্কৰ সম্ৰাট- তেওঁলোকৰ ক্ষমতাত থকা আটাইখিনি কৰিছিল যাতে তেওঁৰ প্ৰভাৱক নিৰ্বাপিত কৰিব পাৰে৷ বাহাউল্লাৰ পৰা তেওঁৰ সকলো ধন সম্পত্তি বায়েজপ্ত কৰা হ’ল, তেওঁক অত্যাচাৰ কৰা হ’ল, মাৰপিট কৰা হ’ল, শিকলিৰে বান্ধি কাৰাদণ্ড কৰা হ’ল, আৰু ইটো দেশৰ পৰা আনটোলৈ চাৰি বাৰ নিৰ্বাসিত কৰা হ’ল আৰু শেষত ১৮৯২ত তেওঁ অটোমান সাম্ৰাজ্যৰ এক কালাপানী এক্ৰ (বৰ্তমানৰ ইজৰাইলৰ আক্কা নামৰ চহৰত ইহলোক ত্যাগ কৰে৷

এই সকলো অকল্পনীয় যাতনাৰ পিছতো, বাহাউল্লাই তেওঁৰ মিচন অব্যাহত ৰাখি শতাধিক পবিত্ৰ লিখনীৰ গ্ৰন্থ প্ৰকট কৰিছিল যাতে মানৱজাতিয়ে মাৰ্গদৰ্শন লাভ কৰিব পাৰে৷ তেওঁ মানৱজাতিৰ মহানতাত অদম্য বিশ্বাস আছিল যে ই এদিন উদিত হ’ব আৰু যাতনাৰ আৰু বলিদানৰ বৰষুনেও তেওঁক সেই বীজ ৰোপণ কৰাৰ পৰা বিৰত কৰিব পৰা নাছিল যি মানৱজাতিক ইয়াৰ প্ৰকৃত স্থানক লাভ কৰাৰ পৰা বিৰত কৰিব পৰা নাছিল৷ তেওঁৰ শত্ৰু সকলৰ প্ৰচণ্ড বিৰোধৰ স্বত্তেও বাহাউল্লাৰ প্ৰভাৱ বিস্তাৰিত হৈছিল৷ যেতিয়াই তেওঁক নিৰ্বাসিত কৰা হৈছিল, হেজাৰ হেজাৰ অনুগামী তেওঁৰ শিক্ষাৰ আৰু তেওঁৰ ব্যক্তিত্বৰ প্ৰেম, শক্তি আৰু ভব্যতাৰ প্ৰতি আকৰ্ষিত হৈছিল৷ আজি তেওঁৰ ধৰ্ম পৃথিৱীৰ সকলো কোণতেই আৰু ৬ নিযুততকৈ ও অধিক অনুগামীৰে সৈতে ব্যপ্ত আৰু বহু নিযুত তেওঁৰ শিক্ষাৰ আৰু জীৱনৰ পৰা প্ৰেৰণা লাভ কৰি এক একত্ৰিত পৃথিৱী নিৰ্মাণৰ বাবে কাৰ্যৰত৷

কেম্ৰীজ বিশ্ববিদ্যালয়ৰ প্ৰাচ্যবিদ এডৱাৰ্ড গ্ৰেনভিলে ব্ৰাউনে বাহাউল্লাৰ মৃত্যুৰ ঠিক আগত তেওঁৰ সৈতে সক্ষাত হৈছিল৷ আগন্তুক প্ৰজন্মৰ বাবে তেওঁৰ গতিশীল কলমেৰে এই শব্দ এৰি থৈ যায়: তেওঁৰ মুখমণ্ডল যি মই প্ৰত্যক্ষ কৰিছিলো মই কেতিয়াও পাহৰিব নোৱাৰোঁ, যদিও মই তাক বৰ্ণনা কৰিব নোৱাৰোঁ৷ সেই ভেদক দুনয়ন যেন প্ৰত্যেকৰে অন্তৰআত্মাক পঢ়িব পাৰে; সেই কপাল যি শক্তি আৰু গৰিমাৰ স্থান আছিল… এয়া সোধাৰ প্ৰয়োজন নাছিল যে মই কাৰ সন্মুখত থিয় দিছিলো, যেতিয়া মই তেওঁৰ সন্মুখত নতমস্তক হৈছিলো যি এক ভক্তিৰ আৰু প্ৰেমৰ আধাৰচিহ্ন যাক ৰজাবোৰেও ঈৰ্ষা কৰিব আৰু সম্ৰাটবোৰেই ব্যৰ্থাতাত হুমুনিয়াহ কাঢ়িব৷

Exploring this topic:

The Life of Bahá’u’lláh

The Early Bahá’í Community

The Shrine of Bahá’u’lláh

Quotations

Articles and Resources

Scroll Up