“আলোচনাই এক মহান সচেতনতা প্ৰদান কৰে আৰু অনুমানক নিশ্চয়তালৈ পৰিৱৰ্তিত কৰে৷ ই এক উজ্বল পোহৰ যি অন্ধকাৰত পথ প্ৰদৰ্শন কৰে আৰু মাৰ্গদৰ্শন কৰে৷ সকলো বস্তুৰ বাবে ইয়াৰ পূৰ্ণতাৰ এক স্থান সদায় আছিল আৰু থাকিব৷ বোধগম্যতাৰ উপহাৰৰ সম্পূৰ্ণতা আলোচনাৰ দ্বাৰা প্ৰকাশ কৰাটো সম্ভৱ৷ ”


বাহাউল্লা৷

বাহাই ধৰ্মত কোনো ধৰ্মগুৰু নাই৷ ইয়াৰ কাৰ্যকলাপবোৰ স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত গোপন বেলটৰ মাধ্যমেৰে নিৰ্বাচিত সংস্থাৰ দ্বাৰা প্ৰসাশিত হয়৷ নিৰ্বাচন প্ৰক্ৰিয়া কোনো প্ৰচাৰ নাইবা শিবিৰ নোহোৱাকৈ সম্পন্ন কৰা হয়৷ এই সংস্থাবোৰ নিৰ্বাচিত অনুষ্ঠান আৰু ব্যক্তিগতভাৱে কোনো অধিকাৰ বহন নকৰে কিন্তু তেওঁলোকৰ সদস্যতা থকা সংস্থাবোৰে সাংবিধানিক, কাৰ্যকৰী আৰু ন্যায়িক দায়িত্ব সম্পাদন কৰে৷ এই সংস্থাবোৰ বাহাই সমুদায়ৰ আন্তৰিক বিষয়বোৰৰ সঞ্চালন কৰাৰ লগতে সমুদায়লৈ আধ্যাত্মিক আৰু ভৌতিক সম্পদ প্ৰবাহিত কৰাৰ দায়িত্ব বহন কৰে৷

এই সংস্থবোৰে যি বাহাই প্ৰশাসনিক ব্যৱস্থাৰ এক অংশ, আলোচনাৰ সিদ্ধান্তৰ আধাৰত কাৰ্য কৰে৷ এই সিদ্ধান্তৰ অনুসাৰে এক সংস্থাৰ সদস্যই প্ৰত্যেক বিষয়তে সত্যৰ অনুসন্ধানৰ বাবে আলোচনাত মিলিত হয়৷ তেওঁলোকে নিসংকোচভাৱে নিজৰ মতামত ব্যক্ত কৰে আৰু নিজৰ দৃষ্টিকোণৰ ওপৰত কোনো আসক্তি নাৰাখে, আৰু আনৰ দৃষ্টিকোণৰ পৰ শিকাৰ চেষ্টা কৰে যাতে এক সত্যৰ অধিক বিস্তাৰিত অন্তৰ্দৃষ্টি লাভ কৰিব পাৰি৷ সেয়েহে, চাতুৰি, বিভাজন আৰু আন প্ৰকাৰে ব্যক্তিগত ইচ্ছাক নাইবা লাভক লাভ কৰাটো নিষিদ্ধ কৰা হৈছে৷