“প্ৰত্যেক শিশুতেই পৃথিৱীৰ বাবে এক পোহৰ হোৱাৰ সম্ভাৱনা সুপ্ত—আৰু একে সময়তে ই আন্ধাকাৰ; সেয়েহে শিক্ষাৰ বিষয়ক আটাইতকৈ মহত্বপূৰ্ণ ৰূপে জ্ঞান কৰা উচিত৷ ”


আব্দুল বাহা

এক সমুদায়ৰ শিশু সকলৰ এটি দল হাঁহি আৰু উল্লাসেৰে একেলগে খোজকাঢ়ি এক ডাঙৰ দললৈ আহে, বাটত হালধীয়া বনৰীয় ফুল চিঙি সিঁহতে এক যুব মাতৃৰ ঘৰলৈ আহে যি সিঁহতক প্ৰত্যেক সপ্তাহতে আধ্যাত্মিক গুণবোৰৰ বিষয়ে শিকায়৷ অতি উৎসাহেৰে তাইক সম্বোধন কৰাৰ পিছত সিঁহতে বাহিৰত এক পাটি পাৰে আৰু তাৰ মাজত এই ফুলবোৰেৰে সজায়, আৰু অতি সোনকালে প্ৰাৰ্থনাৰ বাবে মৌন হয়৷ মুখস্ত থকা কেইবাটাও প্ৰাৰ্থনা একেলগে উচ্চস্বৰে গোৱাৰ পিছত শিক্ষকে সিঁহতক আন এটি নতুন প্ৰাৰ্থনা শিকাত সহায় কৰে৷ সিঁহতে এটি গীত গায় আৰু বিশ্বাসপাত্ৰতাৰ ওপৰত পবিত্ৰ লিখনীৰ উদ্ধৃতিৰ ওপৰত আলেচনা কৰাৰ পিছত এটি কাহিনী শুনে য’ত এই গুণ প্ৰয়োগ কৰা হয়৷ তাৰপিছত সিঁহতে একেলগে এক সক্ৰিয় সহযোগাত্মক খেল খেলে আৰু তাৰ পিছত প্ৰায় ধ্যানপূৰ্ণ অৱস্থালৈ উভতি আহি ছবিবোৰত ৰঙ কৰে, যি চবি সিঁহতে মুখস্ত কৰা উদ্ধৃতিৰ সৈতে সম্বন্ধিত৷

যদিও শিক্ষয়ত্ৰী জনীয়ে প্ৰথমতে শিশু সকলক শ্ৰেণীৰ এক লয়ত অহাত সহায় কৰাত অসুবিধা অনুভৱ কৰে, এতিয়া আৰু শিশু সকলক উচিত ব্যবহাৰ কৰোৱাৰ বাবে সেই পুৰণি কঠোৰ ব্যবস্থা গ্ৰহণ কৰিবলগীয়া নহয়৷ পৰিবেশটি প্ৰেম, সহযোগ, পৰস্পৰ সন্মানেৰে পূৰ্ণ আৰু শিশু সকলত এক আধ্যাত্মিক জীৱনৰ ধাৰণা লাহে লাহে মজবুত হ’বলৈ ধৰে৷ যেতিয়া সিঁহত ঘৰলৈ যায় শিশু সকলে অভিভাৱকৰ সৈতে সিঁহতে ৰঙ কৰা ছবিবোৰ দেখুৱায় আৰু শিক্ষয়ত্ৰী জনীয়ে সিঁহতৰ অভিভাৱক সকলক প্ৰোৎসাহিত কৰে যে তেওঁলোকে সিঁহতক প্ৰত্যেক ৰাতিপুৱা আৰু গধুলি প্ৰাৰ্থনা কৰাৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে, আৰু কেতিয়াবা তেওঁলোকৰ ঘৰত প্ৰাৰ্থনা সভাৰ আয়োজন কৰে৷

হেজাৰ হেজাৰ এনে দৃশ্য প্ৰত্যেক সপ্তাহে ভাৰতবৰ্ষত পৰিলক্ষিত হয় যেতিয়া যুবক, পুৰুষ আৰু মহিলাসকলে নিজৰ ঘৰত শিশু শ্ৰেণীৰ আয়োজনৰ বাবে থিয় দিয়ে আৰু নিজৰ সমুদায়ত শিশু শ্ৰেণীৰ শিক্ষকৰ ৰূপত সেৱাদান কৰে৷ এই শ্ৰেণীবোৰত শুদ্ধ আৰু অশুদ্ধৰ মাজৰ পাৰ্থক্যক অধিক গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে কিছুমান আধ্যাত্মিক গুণ, অভ্যাস আৰু আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় যি সিঁহঁতৰ ব্যক্তিগত আধ্যাত্মিকতাক সমৃদ্ধ কৰে৷ চুবুৰিটোৰ অধিকাংশ লোকৰ সৈতে একেলগে মিলি এনে এক সচেতনতাৰ বিকাশ কৰাৰ প্ৰচেষ্টা কৰা হয়, যি শিশু সকলে শিকি থকা পাঠৰ অনুৰূপ হয়৷

Scroll Up