“আৰু বাহাউল্লাৰ শিক্ষাবোৰৰ ভিতৰত এক হৈছে যে যদিও ভৌতিক সভ্যতা মানৱজাতিৰ প্ৰগতিৰ এক সাধন, তথাপিও যেতিয়ালৈকে ই দিব্য সভ্যতাৰ সৈতে সংলগ্ন নহয় আকাংক্ষিত উদেশ্য যি হৈছে মানৱজাতিৰ গভীৰ আনন্দ, লাভ কৰাটো সম্ভৱ নহয়৷”


আব্দুলবাহা

যদিও বাহাউল্লাৰ এক নতুন বিশ্বৰ দুৰদৃষ্টিৰ দ্বাৰা প্ৰেৰিত হৈ সমগ্ৰ বিশ্বতে শত সহশ্ৰ লোকে বিভিন্ন কাৰ্যকলাপ আৰু কাৰ্যক্ৰমত অংশগ্ৰহণ কৰি আছে যি এক আধ্যাত্মিক আৰু ভৌতিকভাৱে সমৃদ্ধ জীৱন্ত সমুদায় নিৰ্মাণ কৰা উদেশ্যিত৷ কিন্তু তথাপিও, তেনে সমুদায় নিৰ্মাণৰ বাবে ব্যক্তি, সমুদায় আৰু সংস্থাবোৰৰ বাবে বৃহৎ শক্তি আৰু পৰিপক্কতাৰ প্ৰয়োজন হ’ব৷ বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন বাহাই সমুদায়ত এনে ক্ষমতাৰ বিকাশ কিছুমান কাৰ্যক্ৰমৰ দ্বাৰা কৰা হৈ আছে যি উপাসনা আৰু সেৱাৰ চাৰিওকাষে ঘুৰে৷

বাহাই লিখনীৰ পৰা লাভ কৰা অন্তদৃষ্টি আনৰ আগত ব্যক্ত কৰা, সামুহিক উপাসনাৰ বাবে ঠাই মুকলি কৰা, যুৱক সকলৰ সশক্তিকৰণ, ব্যক্তিৰ এক সমুহক ঈশ্বৰীয়বাণীৰ অধ্যয়ন আৰু ইয়াক সমাজৰ প্ৰগতিৰ বাবে প্ৰয়োগ কৰাত সহায় কৰা আদিৰ দ্বাৰা অংশগ্ৰহণকাৰী সকলে সমুদায় নিৰ্মাণৰ প্ৰক্ৰিয়াত অৱদান আগবঢ়ায় য’ত উপাসনা আৰু উমৈহতীয়া প্ৰগতিৰ বাবে কৰা প্ৰচেষ্টাক একেলগে গুঠে৷

Scroll Up