"বাহাউল্লাই এই আজ্ঞা দিয়ে যে পৃথিৱীৰ প্ৰত্যেক ধৰ্মৰ লোকৰ বাবে এক উপাসনা গৃহ নিৰ্মাণ কৰা যাব , যাতে প্ৰত্যেক ধৰ্ম, প্ৰজাতি আৰু পন্থীৰ লোক ইয়াৰ সৰ্বব্যাপী শৰণত একত্ৰিত হব পাৰে , যাতে পবিত্ৰতাৰ এই মুক্ত প্ৰাংগনৰ পৰা মানৱজাতিৰ একতাৰ ঘোষণা গুঞ্জৰিত হয়।"



আব্দুল বাহা

বাহাই সকলৰ বাবে, ভক্তিমূলক জীৱন , প্ৰাৰ্থনা আৰু ধ্যানত কটোৱা সময় , কেৱল ব্যক্তিগত সন্তুষ্টিৰ বাবে নহয় ; ই বিশ্বৰ উন্নতিৰ বাবে নিজৰ আধ্যাত্মিক শক্তিক কাৰ্যত অভিব্যক্ত কৰাৰ বাবে ব্যক্তি আৰু সমুদায়ক প্ৰেৰিত কৰাৰ বাবে ব্যক্তিক প্ৰেৰিত কৰে।

উপাসনা আৰু সেৱাৰ আন্তৰ্সম্বন্ধৰ দৃষ্টিকোণৰ লগত , প্ৰাৰ্থনা কাৰ্য্য-ৰূপত পৰিণত হয় আৰু কাৰ্য্য আধ্যাত্মিকতাৰ দ্বাৰা অনুপ্ৰাণিত হয় । এনেদৰে , ব্যৱহাৰিক খোজেৰে আধ্যাত্মিক পথত চলা সম্ভৱপৰ হয় । গোটেই ভাৰতবৰ্ষৰ গাঁও আৰু ইয়াৰ আশ-পাশত সামাজিক জীৱনৰ এক এনেকুৱা প্ৰতিমান ৰচি থকা হৈছে, য'ত উপাসনা আৰু সেৱা পৰস্পৰ ঘনিষ্ঠভাৱে জড়িত ।

কমল মন্দিৰ নামেৰে জনাজাত, নতুন দিল্লীৰ বাহাই উপাসনা মন্দিৰে বাহাই জীৱনৰ দুয়োটা দিশ - উপাসনা আৰু সেৱাৰ সমাগম প্ৰস্তুত কৰে । উপাসনা মন্দিৰৰ এক কেন্দ্ৰীয় প্ৰাৰ্থনা কক্ষ আছে যাৰ ৯ খন দুৱাৰে ধৰ্মৰ একতা আৰু এই বিচাৰৰ প্ৰতীক যে ঈশ্বৰৰ প্ৰত্যেক সন্দেশবাহক বা অৱতাৰৰ শিক্ষাই আমাক এটাই সত্যৰ পিনে উন্মুখ কৰে । মন্দিৰৰ চাৰিওফালৰ বাগিছা সমূহে পৰ্যটকক‌ নিজৰ ভক্তি - ভাৱৰ বাবে আধ্যাত্মিকভাৱে তৈয়াৰ কৰে। এইটো পৰিকল্পনা কৰা গৈছে যে মন্দিৰৰ চাৰিওফালে কিছুমান উপ-সংস্থাৰ নিৰ্মাণ কৰা হ'ব যিয়ে মানুহৰ ভৌতিক আৰু শৈক্ষিক প্ৰয়োজনীয়তা বোৰ পূৰণ কৰিব । মন্দিৰৰ অবিৰত প্ৰাৰ্থনা আৰু ধ্যানৰ মাধ্যমেৰে উৎপন্ন চেতনাক বৰ্ধিত সংখ্যাত দিল্লী- ৰাজধানী ক্ষেত্ৰ তথা অন্যান্য আশ-পাশৰ ক্ষেত্ৰত সমুদায় নিৰ্মাণৰ লগত সম্বন্ধিত গতিবিধিৰ লগত জড়িত কৰা।

 
Scroll Up