“সভ্যতা অনাবৃত হৈছে৷ দেশবোৰৰ বিকাশ হৈছে… বিজ্ঞান, উদ্ভাৱন আৰু আৱিস্কাৰবোৰ তিব্ৰতৰ হৈছে৷ এই আটাইবোৰে এয়া দৰ্শায় যে অস্তিত্বৰ জগতখন নিৰন্তৰ বিকশিত হৈ আছে আৰু প্ৰগতি লাভ কৰি আছে; আৰু সেয়েহে , নিশ্চিতভাৱে, মানৱজাতিৰ পূৰ্ণতাক বৈশিষ্ট প্ৰদান কৰা গুণবোৰো বিস্তৃত হ’ব লাগিব আৰু বিকশিত হ’ব লাগিব৷ ”



আব্দুল বাহা

মানৱজাতি বৰ্তমান এক পৰিৱৰ্তনৰ সময়চোৱাত আছে যি ইয়াৰ শৈশৱৰ আচৰণ এৰি পূৰ্ণতাৰ দুৱাৰডলীৰ পিনে অগ্ৰসৰ হৈছে৷ পৃথিৱীৰ আন ঠাইবোৰৰ দৰেও এই সময়চোৱাত ভাৰতীয় সমাজ আশ্চৰ্য্যজনক পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈছে য’ত আগৰ ব্যবস্থা, সাংগঠনিক গঠন, আৰু সংস্কৃতিয়ে এতিয়া আৰু সাম্প্ৰতিক পৃথিৱীৰ জটিলতাবোৰক পূৰণ কৰিব নোৱাৰে৷ সকলোতেই একেস্বৰে উঠা প্ৰয়োজনীয়তাৰ কান্দোন যে ব্যক্তি আৰু সামাজিক স্তৰত এক নৈতিক নৱস্ফূৰ্তিৰ প্ৰয়োজন যি এই পৰিৱৰ্তনৰ প্ৰক্ৰিয়াক দিশ প্ৰদান কৰিব৷

ঐতিহাসিকভাৱে, ধৰ্ম হৈছে প্ৰাথমিক শক্তি যি মানৱ প্ৰকৃতিক সভ্য কৰিছে আৰু নৈতিকতা আৰু বিধাবোৰলৈ ইয়াৰ অৱদানে সামাজিক সংৰচনাক সংৰক্ষিত কৰিছে৷ কৃষ্ণ, বুদ্ধ, যোৰাষ্টাৰ, যিশু খ্ৰীষ্ট, মুহম্মদ, আদিয়ে প্ৰত্যেক যুগৰ বাবে প্ৰয়োজনীয় আধ্যাত্মিক আৰু নৈতিক শিক্ষা প্ৰদানৰ দ্বাৰা সভ্যতাক আগুৱাই আনিছে৷

বাহাই হৈছে এই দিব্য প্ৰকটিকৰণৰ অন্তহীন প্ৰক্ৰিয়াৰ নৱীনতম অধ্যায়৷ বাহাউল্লা, বাহাই ধৰ্মৰ ধৰ্মসংস্থাপকে প্ৰকট কৰিছে যে, মানৱজাতি ইয়াৰ সামুহিক অভিৱৰ্তনৰ এতিয়া এনে এক মুহুৰ্ত লাভ কৰিছে যে এতিয়া ইয়াৰ তাত মানৱজাতিৰ একতাক লাভ কৰিব পৰা ক্ষমতা আৰু শক্তি আছে৷ এই একতা যি মানৱজাতিৰ আগন্তুক সময়ৰ চিহ্ন- ইয়াত ব্যক্তি, সমুদায় আৰু সামাজিক গাঁঠনি বোৰৰ সম্পূৰ্ণ পুনৰ্গঠণক সমাহিত কৰিব৷

এই পৰিৱৰ্তনৰ কালচোৱাত যেতিয়া আমি মানৱজাতিৰ একতাৰ লক্ষ্যৰ পিনে গতি কৰিছো, বাহাই ধৰ্মৰ মুখ্য উদ্দেশ্য হৈছে ব্যক্তিৰ আভ্যন্তৰীণ জীৱন আৰু সামাজিক গাঠঁনিবোৰৰ প্ৰাকৃতিক পৰিৱৰ্তনক উৎসাহিত, পোষিত আৰু নিৰ্দেশিত কৰা৷

Scroll Up