“ স্বৰ্গ আৰু ধৰা যিবোৰ আছে সেই সকলো মই তোমাৰ বাবে নিৰ্ধাৰিত কৰিছোঁ, একমাত্ৰ মানৱ হৃদয়ৰ বাহিৰে যি মই মোৰ সৌন্দৰ্য্য আৰু মহিমাৰ নিবাসস্থল সাজিছো…”



বাহাউল্লা

সময় পাৰ হোৱাৰ লগে লগে, অধিকাধিক লোকে বাহাউল্লাৰ শিক্ষাৰ সৈতে পৰিচিত হৈছে যি এক উন্নত পৃথিৱীৰ নিৰ্মাণৰ বাবে বাধ্যকাৰী দুৰদৃষ্টি আৰু ইয়াৰ পুৰণৰ বাবে প্ৰয়োজনীয় আদৰ্শৰ উৎস৷ বহুতেই ইয়াৰ উৰ্ধত গৈ বহাই বিশ্বাসক এক ধৰ্মৰ ৰূপত পৰীক্ষা কৰে৷ সেয়া কৰাত তেওঁলোকে ইয়াৰ মানৱ প্ৰকৃতিৰ লগত সম্বন্ধিত বিষয়ৰ বিশালতা, ঈশ্বৰে মানৱজাতিক কিদৰে মাৰ্গদৰ্শন কৰে ইয়াৰ বৰ্ণনা, এই অস্তিত্বৰ জগতত জীৱনৰ উদ্দেশ্য আৰু জীৱন আৰু মৃত্যুৰ সন্দৰ্ভত ইয়াৰ বাখ্যা, ব্যক্তিগত আৰু সামুহিক ভক্তিময় জীৱনৰ সন্দৰ্ভত ইয়াৰ দৃষ্টিকোণ আদি নিৰীক্ষণ কৰে৷ আৰু ইয়াৰ পৱিত্ৰ লিখনী আৰু বিধানৰ লগতো পৰিচিত হয় যি ইয়াৰ প্ৰশাসনক নিৰ্ধাৰিত কৰে৷ এইবোৰ আৰু একেধৰণৰ বিষয়বোৰক গ্ৰহণ কৰাই এক জীৱন্ত সমুদায়ৰ জীৱনত অংশগ্ৰহণ কৰাৰ পথ মুকলি কৰে যাৰ উদ্দেশ্য হৈছে বাহাউল্লাৰ শিক্ষাক বাস্তবিকতালৈ ৰূপান্তৰিত কৰা৷ এয়া স্বাভাবিক যে বাহাই সকলে বিচাৰে যে তেওঁলোকৰ বিশ্বাস আনৰ আগত ব্যক্ত কৰে, আৰু যদিহে কোনো ব্যক্তিৰ হৃদয়ত প্ৰভুধৰ্মৰ প্ৰতি বিশ্বাসৰ ফিৰিঙতি উপজে তেওঁক আদৰণি—নিশ্চয়, নিমন্ত্ৰিত—যে বাহাই সমুদায়ৰ এক সক্ৰিয় সদস্য হ’ব পাৰে, যি ইয়াৰ বিকাশ আৰু জীৱন্ততাত অৱদান আগবঢ়াব পাৰে৷ কিন্তু, প্ৰচলিত শব্দ যেনে “ধৰ্মান্তৰণ” আদিয়ে এই প্ৰক্ৰিয়াত প্ৰযোজ্য নহয় কাৰণ বাহাই ধৰ্মত চাতুৰিৰে ধৰ্ম পৰিৱৰ্তন নিষিদ্ধ৷

এই সন্দৰ্ভত, যেতিয়া বাহাই এজনে তেওঁৰ বা তাইৰ বিশ্বাস আনৰ আগত ব্যক্ত কৰে, এয়া কোনো এক দৃষ্টিকোণ আনৰ আগত প্ৰমান কৰাৰ উদেশ্যেৰে নহয়৷ এয়া কিছুমান অতি আধাৰভুত প্ৰশ্ন যেনে অস্তিত্ব, সত্যৰ অন্বেষন আৰু ভুল-ধাৰনাৰ অৱসান ঘটোৱাৰ বাবে অৰ্থপূৰ্ণ কথোপকথন কৰাৰ কিছু নিষ্ঠাৱান প্ৰচেষ্টা হে মাথোন৷ “যদিহে তুমি এক নিশ্চিত সত্যৰ বিষয়ে অৱগত হোৱা” , বাহাউল্লাই কয়, “যদিহে তুমি কোনো মুল্যবান ৰত্ন ধাৰণ কৰা, যাৰ পৰা আন বিৰত থাকে, ইয়াক অত্যন্ত দয়ালুতা আৰু সদভাৱনাৰ ভাষাৰে আনৰ সৈতে বিলাই লোৱা৷ যদিহে ইয়াক গ্ৰহণ কৰা হয়, যদিহে ই ইয়াৰ ইয়াক অগ্ৰাহ্য কৰে তেওঁ তেওঁৰ ওপৰত এৰি দিয়া আৰু, ঈশ্বৰৰ ওচৰত তেওঁৰ মাৰ্গদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা৷”

কিন্তু কেৱল বিশ্বাস কৰা কাৰ্যই, এক উন্নত পৃথিৱী নিৰ্মাণৰ বাবে যথেষ্ট নহয়, ইয়াৰ বাবে কেন্দ্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজন৷ বাহাউল্লাই লিখে: “বোধগম্যতা আৰু অন্তৰ্দৃষ্টি সম্পন্ন প্ৰত্যেক মানৱৰ বাবে এয়া উচিত যে সি যি লিখা হৈছে তাক বাস্তৱত ৰূপায়িত কৰিবলৈ যথাসম্ভৱ প্ৰচেষ্টা কৰে৷”.

Scroll Up