“মানুহৰ বিশিষ্টতা সেৱাদান আৰু গুণবোৰত নিহিত ধন-সম্পত্তিৰ একত্ৰিকৰণত নহয়…”



বাহাউল্লা

বিশ্বজুৰি বাহাই সকলে কৰা বিভিন্ন সমুদায় নিৰ্মাণৰ কেন্দ্ৰত আছে এক বিকেন্দ্ৰিকিত শৈক্ষিক প্ৰক্ৰিয়া যি যুৱক আৰু প্ৰাপ্তবয়স্ক সকলত জীৱন্ত আৰু সমৃদ্ধ সমুদায় নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিভিন্ন ক্ষমতাৰ বিকাশ কৰে৷ এই শৈক্ষিক প্ৰক্ৰিয়া “অধ্যয়ন চক্ৰ” নামৰ সৰু অনানুষ্ঠানিক দলত প্ৰদান কৰা হয়৷ ঈশ্বৰৰ শব্দৰ আধাৰত নিৰ্মিত এই পাঠ্যক্ৰমে সকলো পৃষ্ঠভুমিৰ লোকতেই বৌদ্ধিক, নৈতিক, আধ্যাত্মিক, আৰু ব্যবহাৰিক ক্ষমতাৰ বিকাশৰ চেষ্টা কৰে৷ এই পাঠ্যপুথিবোৰে বিভিন্ন সেৱাকাৰ্যৰ বাবে ক্ষমতাৰ নিৰ্মাণ কৰে যেনে শিশু সকলৰ বাবে আধ্যাত্মিক শ্ৰেণীৰ আয়োজন কৰা, ভক্তিমুলক সভাৰ আয়োজন কৰা, অধ্যয়ন চক্ৰৰ সহশিক্ষকতা কৰা ইত্যাদি৷

ব্যক্তি সকলে প্ৰশিক্ষণ প্ৰতিষ্ঠান নামৰ এই প্ৰক্ৰিয়াৰ মাজেৰে একেলগে সেৱাদানৰ পথত আগবাঢ়ে যি নিৰ্ধাৰিত কিন্তু স্থিতিস্থাপক৷ এই প্ৰক্ৰিয়াই শ শ লোকক ঈশ্বৰৰ শব্দৰ আৰু সমাজৰ জীৱনত ইয়াৰ প্ৰভাৱৰ ওপৰত গভীৰ ভাৱে ৰোমন্থন কৰাত আৰু তেওঁলোকে শিকাখিনি একেলগে সমাজৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰাত সহায় কৰে৷

Scroll Up