“তুমি বাস কৰা সময়ৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি উদ্বিগ্নতাৰে চিন্তিত হোৱা, আৰু তোমাৰ অনুধ্যান ইয়াৰ বাঞ্চা আৰু প্ৰয়োজনীয়তাবোৰত কেন্দ্ৰিত কৰা৷”



বাহাউল্লা৷

যেতিয়া মানৱজাতিয়ে এক নতুন যুগৰ পিনে অগ্ৰসৰ হৈছে ই পৰিৱৰ্তিত কৰিবলগীয়া সামাজিক অস্তিত্বৰ কিছু অংশবোৰৰ ভিতৰত হৈছে সমাজে সন্মুখীন হৈ থকা আধাৰভুত সমস্যাবোৰৰ ওপৰত ইয়াৰ অভিব্যক্তি, চিন্তা আৰু অৱধাৰনা৷ সেয়েহে, চিন্তাৰ স্তৰত পৰিৱৰ্তনত যোগদান কৰাটো বাহাই সমুদায়ৰ বাবে চিন্তা আৰু শিকাৰ বাবে অতি মহত্বপূৰ্ণ ৰণভুমি৷ বাহাই সমুদায়ে মানৱজাতিৰ সৌভাগ্যৰ লগত জড়িত বিষয়বোৰত অংশগ্ৰহণ কৰাৰ বাবে শিকি আছে যেনে নাৰী আৰু পুৰুষৰ সমানতা, শান্তি, প্ৰশাসন, সামুহিক স্বাস্থ্য, বিকাশ আৰু আন কিছুমান৷

এই সংবাদবোৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য কোনো বিষয়ত বাহাই চিন্তাধাৰাক গ্ৰহণ কৰাৰ বাবে আনক প্ৰভাৱিত কৰাটো নহয়৷ এই প্ৰচেষ্টা জনসংযোগ কাৰ্য্যকলাপ নাইবা শৈক্ষিক কাৰ্যকলাপৰ ৰূপতো কৰা নহয়৷ বৰং বাহাই সকলে এক শিকাৰ আসনত থকা আৰু প্ৰকৃত কথোপকথনত অংশগ্ৰহণ কৰাৰ বাবে যথাসম্ভৱ প্ৰচেষ্টা কৰে৷ আৰু সেয়েহে মানৱজাতিয়ে সন্মুখীন হোৱা সমস্যা যেনে জলবায়ু পৰিৱৰ্তন, মহিলাৰ স্বাস্থ্য, খাদ্য সৃষ্টি আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ আদিৰ ওপৰত কোনো স্পষ্ট সমাধান প্ৰদান নকৰে৷ বৰং বাহাই সকলে বাহাউল্লাৰ শিক্ষাক প্ৰয়োগ কৰাৰ দ্বাৰা অৰ্জন কৰা অন্তৰ্দৃষ্টিক বিলাই একেধৰনে চিন্তা কৰা ব্যক্তি নাইবা দলৰ পৰা আৰু সৈতে একেলগে এই বিষয়বোৰত শিকাৰ বাবে উৎসুক৷

ভাৰতবৰ্ষৰ বাহাই সমুদায়ৰ নাৰী আৰু পুৰুষৰ সমানতা, অৰ্থ-সামাজিক বিকাশ, সমাজত ধৰ্মৰ ভুমিকা, শিশু অধিকাৰ, যুৱ আৰু সমাজনিৰ্মাণ আদি সংবাদত অংশগ্ৰহণৰ এক ধনী ইতিহাস আছে৷