“এই পবিত্ৰ প্ৰকটিকৰণবোৰ হৈছে পৃথিৱীৰ বাবে এক বসন্তৰ আগমন… আৰু প্ৰত্যেক বসন্ত হৈছে এক নতুন সৃজনৰ সময়৷”



আব্দুল বাহা

বাহাই ধৰ্মৰ আৰম্ভনী সেই মিচনৰ দ্বাৰা হয় যি ঈশ্বৰে দুই দিব্য শিক্ষকক প্ৰদান কৰে—বাব আৰু বাহাউল্লা৷ আজি এই ধৰ্মৰ একতা বাহাউল্লাৰ এই প্ৰতিশ্ৰুতিৰ বাবে অক্ষুন্ন যে তেওঁৰ স্ৱৰ্গাৰোহঁৰ পিছতো মাৰ্গদৰ্শনৰ শ্ৰোত প্ৰবাহিত হৈ ৰ’ব৷ বাহাউল্লাৰ এই উত্তৰাধিকাৰীৰ প্ৰবাহাক “সংবিদা”ৰ ৰূপত জনা যায়৷ ই বাহাউল্লাৰ পিছত তেওঁৰ পুত্ৰ আব্দুল বাহা, আৰু আব্দুল বাহাৰ পৰা তেওঁৰ নাতিয়েক শোঘী এফেন্দী, আৰু তাৰ পিছত বিশ্ব ন্যায় মন্দিৰ- বাহাউল্লাৰ দ্বাৰা সংৰচিত এক প্ৰতিষ্ঠান৷ এজন বাহাইয়ে বাব, বাহাউল্লা আৰু এই নিৰ্বাচিত উত্তৰাধিকাৰী সকলৰ দিব্যতাত বিশ্বাস কৰে৷

দিব্যাত্মা বাব
বাব হৈছে বাহাউল্লাৰ অগ্ৰদুত৷ ১৯ শতিকাৰ মাজভাগত তেওঁ এয়া ঘোষনা কৰিছিল যে তেওঁ হৈছে এনে এক বাৰ্তাৰ ধাৰক যি মানৱজাতিৰ আধ্যাত্মিক জীৱনক পৰিৱৰ্ৰিতত কৰিব৷ তেওঁৰ উদ্দেশ্য আছিল, মহান ঈশ্বৰৰ সেই দ্বিতীয়জন বাৰ্তাবাহৰ আগমনৰ বাবে পথ প্ৰশস্ত কৰা যি মানৱজাতিক এক শান্তি আৰু ন্যায়ৰ যুগলৈ আগুৱাই নিব৷

বাহাউল্লা
বাহাউল্লা- “ঈশ্বৰৰ মহিমা”- হৈছে সেই প্ৰতিশ্ৰুত জন যি বাব আৰু আন সকলো দিব্য বাৰ্তাবাহকে ঘোষনা কৰিছিল৷ বাহাউল্লাই ঈশ্বৰৰ পৰা মানৱতালৈ এক নতুন প্ৰকটিকৰণ লৈ আনিছিল৷ তেওঁৰ কলমৰ পৰা হেজাৰ হেজাৰ বাণী, পত্ৰ আৰু কিতাপ প্ৰবাহিত হৈছিল৷ তেওঁ এক বৈশ্বিক সভ্যতাৰ বিকাশৰ বাবে এক ৰূপৰেখা প্ৰদান কৰিছিল যি উভয় আধ্যাত্মিক আৰু ভৌতিক দিশক সন্নহিত কৰে৷ ইয়াৰ বাবে তেওঁ ৪০ বছৰতকৈও অধিক কাল কাৰাদণ্ড, অত্যাচাৰ আৰু নিৰ্বাসন সহ্য কৰিব লগীয়া হৈছিল৷

আব্দুল বাহা
তেওঁৰ ইচ্ছাপত্ৰত, বাহাউল্লাই তেওঁৰ জ্যেষ্ঠপুত্ৰক তেওঁৰ শিক্ষাৰ বখ্যাকৰ্তা আৰু প্ৰভুধৰ্মৰ মুখ্য ৰূপত স্থাপিত কৰে৷ সমগ্ৰ পূব আৰু পশ্চিম গোলাৰ্ধত আব্দুল বাহা শান্তিৰ দুত, এক আদৰ্শ মানৱ, আৰু এক নতুন ধৰ্মৰ সূচক আছিল৷

শোঘী এফেন্দী
আব্দুল বাহাৰ দ্বাৰা বাহাই ধৰ্মৰ ধৰ্ম সংৰক্ষকৰ ৰূপত নিযুক্ত হৈ, তেওঁৰ জ্যেষ্ঠ নাতিয়েক শোঘী এফেন্দী প্ৰভূধৰ্মৰ বিকাশক ব্যৱস্থাগত ভাৱে পোষিত কৰি, বোধগম্যতাক মজবুত কৰি, বাহাই সমুদায়ৰ একতাক মজবুত কৰি ৩৬ বছৰ অতিবাহিত কৰিছিল, যেতিয়া এই ধৰ্মই সমগ্ৰ মানৱজাতিৰ বৈচিত্ৰতাক অধিকাধিক প্ৰদৰ্শিত কৰিবলৈ ধৰিছিল৷

বিশ্ব ন্যায় মন্দিৰ
আজি বিশ্বজুৰি বাহাই সমুদায়ৰ বিকাশ বিশ্ব ন্যায় মন্দিৰৰ দ্বাৰা নিৰ্দেশিত হৈ আছে৷ তেওঁৰ বিধানৰ কিতাপত বাহাউল্লাই নিৰ্দেশিত কৰিছিল যে বিশ্ব ন্যায় মন্দিৰে মানৱজাতিৰ কল্যান, শিক্ষাৰ উন্মোচন, শান্তি আৰু বৈশ্বিক সমৃদ্ধিক প্ৰেৰিত কৰাৰ লগতে মানৱৰ উচ্চ সন্মান আৰু ধৰ্মৰ স্থানৰ ৰক্ষা কৰিব৷