ময়েই সেই আদি বিন্দু য’ৰ পৰা সকলো সৃজিত বস্তু উৎপত্তি হৈছে৷ মই সেই পৰমেশ্বৰৰ মুখমণ্ডল যাৰ দিপ্তি যাক কেতিয়াও লুকুৱাব নোৱাৰী, ঈশ্বৰৰ সেই পোহৰৰ সেই তেজস্বীতা যি কেতিয়াও ম্লান হ’ব নোৱাৰে৷



দিব্যাত্মা বাব

১৯ শতিকাৰ মাজভাগ- মানৱ ইতিহাসৰ আটাইতকৈ বিপদাপন্ন সময়বোৰৰ ভিতৰত এক—এক যুব বেপাৰীয়ে এয়া ঘোষনা কৰে যে তেওঁ হৈছে এনে এক বাৰ্তাৰ ধাৰক যি মানৱজাতিৰ জীৱনক পৰিৱৰ্তিত কৰিব৷ এনে এক সময় য’ত ইৰান দেশ সৰ্বব্যপ্ত নৈতিক অৱক্ষয়ৰ মাজেৰ গৈ আছিল, তেওঁৰ বাৰ্তাই উৎসাহ আৰু আশাৰ এক ঢৌৰ সঞ্চাৰ কৰিছিল৷ আৰু সকলো শ্ৰেণীৰ মাজত অতি সোনোকালেই সহশ্ৰাধিক অনুগামীক আকৰ্ষিত কৰিছিল৷ তেওঁ “বাব” উপাধি ধাৰণ কৰিছিল আৰবিক ভাষাত যাৰ অৰ্থ হৈছে “দুৱাৰ”৷

নাৰী আৰু দৰিদ্ৰসকলৰ অৱস্থাৰ সংশোধনত বিশেষ মনযোগ প্ৰদান কৰি আধ্যাত্মিক আৰু নৈতিক পুনৰ্জীৱনৰ তেওঁৰ আহ্বান আছিল যুগন্তকাৰী৷ একে সময়তে তেওঁ তেওঁৰ নিজা স্বতন্ত্ৰ ধৰ্ম স্থাপিত কৰিছিল আৰু তেওঁৰ অনুগামীসকলক প্ৰেৰিত আৰু পৰিৱৰ্তিত কৰিছিল আৰু মহান কাৰ্য সম্পাদন কৰিছিল৷

দিব্যাত্মা বাবে ঘোষনা কৰিছিল যে মানৱজাতি এক নতুন যুগৰ দুৱাডলীত থিয় দিছে৷ তেওঁৰ কেৱল ছয় বছৰীয়া মিচনৰ উদ্দেশ্য আছিল এনে এক ঈশ্বৰীয় প্ৰকটাৱতাৰৰ বাবে পথ প্ৰশস্ত কৰা যি সমগ্ৰ মানৱজাতিকে বিশ্বৰ সকলো ধৰ্মতে প্ৰতিশ্ৰুত এক ন্যায় আৰু শান্তিৰ যুগলৈ আগুৱাই লৈ যাব: বাহাউল্লা৷

Exploring this topic:

The Life of the Báb

The Bábí Movement

The Shrine of the Báb

Quotations

Articles and Resources