“যুৱবস্থা শক্তি আৰু প্ৰাণশক্তিৰ বাবে বিশেষ, আৰু ই মানৱ জীৱনৰ আটাইতকৈ বিশেষ সময়৷ সেয়েহে তুমি দিনে ৰাতি যত্ন কৰা উচিত যে ঈশ্বৰীয় শক্তিৰে সম্পন্ন হৈ, উজ্জল উদ্দেশ্যেৰে প্ৰেৰিত হৈ, আৰু দৈব্য শক্তি আৰু স্বৰ্গীক দয়া আৰু সম্পুষ্টিৰে সহায়প্ৰাপ্ত হৈ…”



আব্দুল বাহা

ভাৰতৰ বাহাই সমুদায়ে এয়া উপলব্ধি কৰে যে প্ৰত্যেক ব্যক্তিৰ বাবে যুবৱস্থা এক বিশেষ সময়, সম্ভৱত মানৱ জীৱনৰ বসন্ত কাল৷ যদিহে যুবৱস্থাৰ বৌদ্ধিক, আধ্যাত্মিক আৰু শাৰিৰীক ক্ষমতাক এই সময়চোৱাৰ পৰিৱৰ্তনৰ পিনে নিৰ্দেশিত কৰা হয় উভয় সমুদায় আৰু যুৱক সকল নিজেই যুবৱস্থাৰ প্ৰকৃত ক্ষমতাৰ বিষয়ে উপলব্ধি কৰিব৷ ১ ৰ পৰা ১৫ বছৰৰ বয়সৰ মাজত যেতিয়া শিশুসকে নিজৰ শৈশৱৰ চিনবোৰ এৰি আহি যুবৱস্থাত প্ৰবেশৰ বাবে এক গভীৰ পৰিৱৰ্তনৰ মাজেৰে পাৰ হয়, তেওঁলোকক এক বিশেষ প্ৰশিক্ষনৰ প্ৰয়োজন হয়৷ “কিশোৰ-কিশোৰী” বুলি অভিহিত এই যুৱক সকলৰ এই সময়ছোৱাত জীৱনৰ বিষয়ে বহুতো প্ৰশ্ন আৰু আশা থাকে৷ যদিও এই বয়ষক প্ৰায়েই ঋণাত্মক দৃষ্টিভংগীৰে আৰু সমস্যাৰ কাৰণৰ ৰূপত চোৱা হয়, কিশোৰ কিশোৰীৰ কাৰ্য্যক্ৰম এই বোধগম্যতাৰে সৈতে পৰিচালনা কৰা হয় যে এই সময়চোৱা পৰোপকাৰিতা, ব্ৰহ্মাণ্ডৰ ৰহস্যবোৰৰ বিষয়ে শিকাৰ বাবে তিব্ৰ আগ্ৰহ আৰু পৃথিৱীৰ উন্নতিৰ বাবে কাৰ্য কৰাৰ বাবে উৎসুকতাৰ বাবে বিশেষ৷ এই সম্ভৱনা আৰু প্ৰত্যাহ্বানেৰে ভৰা এই সময়চোৱাৰ মাজেৰ নিজকে পাৰ কৰি নিয়াত সহায় কৰাৰ বাবে বাহাই সমুদায় পৃথিৱীজুৰি কিশোৰ কিশোৰী আধ্যাত্মিক সশক্তিকৰণ কাৰ্যক্ৰমৰ আয়োজন কৰে৷

এই কাৰ্যক্ৰমৰ অংশ হিচাপে ১৫ বা তাতকৈ বেছি বয়ষৰ যুবক সকলক “অনুপ্ৰেৰক”ৰ ৰূপত প্ৰশিক্ষিক কৰা হয় যি নিজৰ নিজৰ সমুদায়ত এই কিশোৰ কিশোৰী সকলৰ এক সৰু সৰু দলৰ পৰিচালনা কৰে৷ এই অনুপ্ৰেৰক সকলৰ সহায়ত এই কিশোৰ কিশোৰী সকলে সিহঁতৰ মনত থকা গভীৰ প্ৰশ্ন বোৰৰ অনুসন্ধান কৰে৷ অধ্যয়ন সামগ্ৰীয়ে কিশোৰ কিশোৰীত এক আধ্যাত্মিক দৃষ্টিকোণ আৰু নৈতিক সিদ্ধান্ত স্থাপন কৰে যাৰ আধাৰত সিঁহতে সিদ্ধান্ত গ্ৰহণ কৰে৷ সামগ্ৰীয়ে সিঁহতক সিঁহতৰ অভিব্যক্তিৰ ক্ষমতাক ধনাত্মকভাৱে ব্যৱহাৰ কৰাত সহায় কৰে, আৰু সিঁহতৰ অফুৰন্ত শক্তিক সমাজৰ ৰূপান্তৰণৰ বাবে প্ৰয়োগ কৰাত সহায় কৰে৷ কাৰ্যক্ৰমে সিঁহতক জড়িত কৰোৱা বাস্তৱিকতাৰ অধ্যয়নে সিঁহতক সৃজনাত্মক আৰু ধ্বংসাত্মক শক্তিবোৰৰ মাজৰ পাৰ্থক্যক চিনি পোৱাত সহায় কৰে৷ ই সিঁহতক সেই শক্তিবোৰৰ পৰা বাচি থকাত সহায় কৰে যি সিঁহতৰ পৰা এক গৰিমাময় জীৱৰ ৰূপত সিঁহতৰ প্ৰকৃত পৰিচয়ক লৈ কাঢ়ি নিয়াৰ চেষ্টা কৰে৷ কেইবাদহহেজাৰ কিশোৰ কিশোৰী গোটেই ভাৰতবৰ্ষত হেজাৰৰ এনে সংখ্যাত যুৱক-যুৱতিৰ সহযোগত এই কাৰ্যক্ৰমৰ মাজেৰে পাৰ হৈছে সি স্বোচ্ছাই তেওঁলোকৰ সময় অনুপ্ৰেৰকৰ ৰূপত প্ৰদান কৰে৷