“ঈশ্বৰে তেওঁৰ ধৰ্ম আৰু বিশ্বাসবোৰক স্পন্দিত কৰাৰ আঁৰৰ একমাত্ৰ উদ্দেশ্য হৈছে মানৱজাতিৰ হিত আৰু সুৰক্ষাক প্ৰেৰিত কৰাৰ লগতে মানৱজাতিৰ একতাক উৎসাহিত কৰা, আৰু সকলো মানুহৰে মাজত প্ৰেম আৰু ভাতৃত্বৰ চেতনা মজবুত কৰা৷”
–
বাহাউল্লা
"So powerful is the light of unity that it can illuminate the whole Earth."
- Bahá'u'lláh
পৃথিৱীজুৰি চহৰ, গাওঁ আৰু নগৰত শত সহশ্ৰ বাহাই সকল এক আধ্যাত্মিক আৰু ভৌতিকভাৱে সমৃদ্ধিশালী সমুদায়ৰ নিৰ্মাণৰ বাবে প্ৰেচষ্টাৰত ৷ সেই সকলোৰে সৈতে একেলগে মিলি যি এক নতুন বিশ্বৰ নিৰ্মাণৰ বাবে ইচ্ছা ৰাখে, তেওঁলোকে উপাসনা আৰু সেৱাৰ ওপৰত আধাৰিত কিছুমান কাৰ্য্যক্ৰমৰ ৰূপায়ণৰ দ্বাৰা এক নতুন সভ্যতাৰ ভেঁটী নিৰ্মাণ কৰাৰ প্ৰচেষ্টা কৰি আছে৷ কিয়নো বাহাউল্লাৰ অনুগামী সকলৰ বাবে, যি হৈছে ধৰ্মবোৰৰ মাজৰ আটাইতকৈ নতুন, এই প্ৰচেষ্টাবোৰ এক বিশাল বৈশ্বিক প্ৰকল্পৰ একো একোটি অংশ যাৰ উদেশ্য হৈছে সমগ্ৰ মানৱজাতিৰ আধ্যাত্মিক আৰু ভৌতিক একত্ৰিকণ
ভাৰতবৰ্ষত বাহাই সকল সকলো পৃষ্ঠভুমিৰ পৰা আহে, ই আন্দামানৰ জংগলৰ পৰা মুম্বাইৰ অট্টালিকাবোৰলৈ, তামিলনাডুৰ সমুদ্ৰীয় পাৰৰ পৰা চিক্কিমৰ পৰ্বতীয় এলেকালৈ বিস্তৃত৷ নিজৰ গৃহক সামুহিক উপাসনাৰ বাবে হোৱা বৈঠক, শিশু, কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়ষ্ক সকলৰ আধ্যাত্মিক শিক্ষাৰ বাবে মুকলি কৰাৰ দ্বাৰা তেওঁলোকে তেওঁলোকৰ স্থানীয় বাসিন্দাসকলৰ সহযোগত এক এনে সমাজৰ আৰ্হিক স্থাপন কৰাৰ চেষ্টা কৰি আছে যি একতা, ন্যায় আৰু সামুহিক হিতৰ বাবে সমৰ্পনৰ বাবে বিশিষ্ট৷
যিদৰে বিশাল, ঐতিহ্যময় আৰু বৈচিত্ৰময় ভাৰতবৰ্ষ ভব্যতাৰে একবিংশ শতিকাত প্ৰবেশ কৰিছে ইয়াৰ সন্মুখত নতুন দিগন্তৰ আবিৰ্ভাৱ হৈছে৷ ভবিষ্যতে অনা সুযোগ আৰু প্ৰত্যহ্বানবোৰে ব্যক্তি,সংস্থা আৰু সমুদায়ৰ বোৰৰ পৰা এক উচ্চস্তৰীয় আধ্যত্মিক পূৰ্ণতা আৰু অত্যাধিক পৰস্পৰসংযুক্ত পৃথিৱীত বিকাশ কৰাৰ বাবে বৌদ্ধিক ক্ষমতাৰ দাবী কৰে৷
ভাৰতবৰ্ষৰ বাহাই সমুদায়, ক্ষমতা নিৰ্মাণ আৰু শিকাৰ প্ৰক্ৰিয়াত গভীৰ ভাৱে সমৰ্পিত যি দেশৰ জনসমুদায়ক ন্যায় আৰু একতাৰ আধাৰত পৃথিৱীৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰত এক আধ্যাত্মিক বোধগম্যতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী প্ৰদান কৰিব
বাহাই
উপসনা গৃহ
সাক্ষাৎ
অন্বেষণ কৰক
নীচে বাহত বিশ্বাস আৰু প্ৰচাৰৰ কেন্দ্ৰস্থলী থকা কিছুমান বিষয়ে অন্বেষণ কৰক।
নৱনীকৃত ধৰ্ম
মানৱ সভ্যতাৰ ইতিহাসত ঈশ্বৰে নিজক মানজাতিৰ সন্মুখত এজনৰ পিছত আনজন দিব্য শিক্ষক সকলৰ দ্বাৰা প্ৰকাশিত কৰিছে৷ বাহাউল্লা হৈছে তেওঁলোকৰ মাজৰ নবীনতম যি আমাৰ আধুনিক যুগত আধ্যাত্মিক আৰু সামাজিক শিক্ষা লৈ আনিছে৷
আগলৈ পঢ়ক »সমুদায় নিৰ্মাণ
ভাৰতবৰ্ষ জুৰি সকলো পৃষ্ঠভুমিৰ পৰা আৰু বৈচিত্ৰময় অঞ্চলৰ পৰা ব্যক্তিসকলে এক আধ্যাত্মিক আৰু ভৌতিকভাৱে সমৃদ্ধ সমুদায়ৰ ভেঁটী স্থাপন কৰি আছে৷ তেওঁলোক এনে কিছুমান কাৰ্যকলাপৰ দ্বাৰা সামুহিক হিঁত লাভৰ বাবে প্ৰচেষ্টাৰত যি উপাসনা আৰু সেৱাৰ ধুৰাৰ পৰিক্ৰমা কৰে৷
আগলৈ পঢ়ক »উপসনা গৃহ
বাহাই উপাসনা গৃহই সামুদায়িক জীৱনৰ দুই সংযুক্ত দিশক একলগ কৰে- উপাসনা আৰু সেৱা৷ উপাসনা গৃহই ধৰ্মৰ ঐকত্যক চিহ্নত কৰে আৰু সেই এক সত্যক চিহ্নিত কৰে যে সকলো ঈশ্বৰৰ অৱতাৰ প্ৰকৃতে একেই সত্যলৈ লৈ যোৱা একো একোটি দুৱাৰ৷
আগলৈ পঢ়ক »