ভাৰতবৰ্ষৰ বিভিন্ন গাঁও আৰু চুবুৰিয়ে সামুহিক উপাসনাৰ বাবে হোৱা সভাৰ প্ৰস্ফূতন দেখিবলৈ পাইছে৷ হেজাৰ হেজাৰ লোকে বিভিন্ন অৱস্থাত মাহেকীয়া, সাপ্তাহিক আৰু দৈনন্দিন ঘৰবোৰত লগ হৈ একেলগে প্ৰাৰ্থনা কৰে, পবিত্ৰ লিখনীৰ কিছুমান অংশ পাঠ কৰে আৰু সিঁহতৰ জীৱনত ইয়াৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰে৷ বন্ধুসকলৰ এই সৰু সৰু বৈঠক য’ত বিভিন্ন বয়স, পৃষ্ঠভুমিৰ লোক একলগ হৈ সমাবেত হোৱা ব্যক্তিসকলৰ আধ্যাত্মিক জীৱন সমৃদ্ধ কৰাত সহায় কৰে, আৰু লগতে সমুদায়ত এক একতাৰ আধ্যাত্মিক বান্ধোন মজবুত কৰে৷
য’ত বাহাই সমুদায়ৰ এনে মন্দিৰ আছে য’ত সকলো পৃষ্ঠভুমিৰ লোক প্ৰাৰ্থনাৰ আৰু ধ্যানৰ বাবে একত্ৰিত হয় ( এক উল্লেখযোগ্য উদাহাৰণ হৈছে বাহাই উপাসনা গৃহ—লোটাছ টেম্পল নামেৰে জনা যায়) বাহাই সকলে এয়াও বিশ্বাস কৰে যে সকলো ঠাই য’ত লোক সকল উপাসনাৰ বাবে একত্ৰিত হয় সেয়াই পবিত্ৰ আৰু সেয়া মন্দিৰৰ দৰে একেই৷ যিহেতু বাহাই ধৰ্মত কোনো ধৰ্মগুৰু বা পুৰোহিতৰ স্থান নাই, প্ৰত্যেক ব্যক্তিৰ ওপৰত এয়া দায়িত্ব আহি পৰে যে সি বা তাই তাইৰ সমুদায়ৰ সমৃদ্ধিৰ বাবে এক নায়কৰ ৰূপত কাৰ্য্য কৰে, আৰু আধ্যাত্মিক সভাৰ আয়োজন হৈছে এনে এক মাধ্যম যাৰ দ্বাৰা ব্যক্তি আৰু পৰিয়ালে এই দায়িত্ব সম্পাদন কৰিব পাৰে৷


