আব্দুল বাহা

“তেওঁ সকলো সময়তে… বাহাউল্লাৰ অতুলনীয় আৰু সকলো সমাবেশকাৰী সংবিদাৰ কেন্দ্ৰ ৰূপে গণ্য কৰা হ’ব, তেওঁ ঈশ্বৰৰ সৰ্বোৎকৃষ্ট হস্তকলা, তেওঁৰ পোহৰৰ নিখূঁট দৰ্পণ,তেওঁৰ শিক্ষাৰ সম্পূৰ্ণ উদাহাৰন, তেওঁৰ শব্দৰ নিৰ্ভূল বাখ্যাকৰ্তা, প্ৰত্যেক বাহাই আদৰ্শৰ মূৰ্তৰূপ, সকলো বাহাই গুণৰ প্ৰকটিকৰণ, …মানৱজাতিৰ একতাৰ মূখ্যস্ৰোত…” ”

- শোঘী এফেন্দী

বিংশ শতিকাৰ প্ৰথম দশকতেই বাহাউল্লাৰ জ্যেষ্ঠ পুত্ৰ আব্দুল বাহা, বাহাই ধৰ্মৰ অগ্ৰণী বাখ্যাকৰ্তা সামাজিক ন্যায়ৰ নায়ক আৰু আন্তৰ্জাতিক শান্তিৰ এক দুতৰ ৰূপত প্ৰসিদ্ধ হ’বলৈ ধৰে৷

একতাক তেওঁৰ শিক্ষাৰ আধাৰভুত সিদ্ধান্তৰ ৰূপত ৰাখি, বাহাউল্লাই এয়া নিশ্চত কৰিছিল যে তেওঁৰ ধৰ্মই আন আন ধৰ্মৰ নিচিনাকৈ ইয়াৰ প্ৰতিষ্ঠাপকৰ মৃত্যুৰ পিচত ভাগ ভাগ হোৱাৰ ভাগ্য লাভ নকৰে৷ তেওঁৰ লিখনীত তেওঁ তেওঁৰ জ্যেষ্ঠ পুত্ৰ আব্দুল বাহাৰ পিনে কেৱল তেওঁৰ শব্দৰ বাখ্যাকৰ্তাৰ ৰূপতেই নহয় বৰং প্ৰভুধৰ্ম আৰু ইয়াৰ শিক্ষাবোৰৰ প্ৰকৃত আদৰ্শৰ ৰূপত উন্মুখ হ’বলৈ নিৰ্দেশিত কৰিছিল৷

বাহাউল্লাৰ মৃত্যুৰ ঠিক পিছত আব্দুল বাহাৰ অসাধাৰণ গুণাৱলী আৰু চৰিত্ৰই, তেওঁৰ জ্ঞান আৰু মানৱজাতিৰ প্ৰতি তেওঁৰ সেৱাদানে বাহাউল্লাৰ শিক্ষাৰ এক জ্বলন্ত উদাহাৰণ দাঙি ধৰিছিল আৰু সমগ্ৰ পৃথিৱীতে তিব্ৰতাৰে বিস্তাৰিত হৈ থকা সমুদায়ৰ বাবে মহান সন্মান কঢ়িয়াই আনিছিল৷

আব্দুল বাহাই তেওঁৰ প্ৰশাসনৰ কালছোৱা তেওঁৰ পিতৃৰ ধৰ্মক আৰু শান্তি আৰু একতাৰ আদৰ্শক আৰু দুৰলৈ বিস্তাৰিত কৰা বাবে অতিবাহিত কৰিছিল৷ তেওঁ স্থানীয় বাহাই প্ৰতিষ্ঠানবোৰৰ স্থাপন, সামাজিক আৰু অৰ্থনৈতিক প্ৰচেষ্টা আদিৰ বাবে উৎসাহিত কৰিছিল৷ তেওঁৰ জীৱন যোৰা কাৰাদণ্ডৰ পৰা মুক্তি লাভ কৰাৰ পিছত, আব্দুলবাহাই যাত্ৰাৰ এক শৃংখলত ওলাই গৈছিল যি তেওঁক ইজিপ্ত, ইউৰোপ, আৰু উত্তৰ আমেৰিকালৈ লৈ গৈছিল৷ তেওঁৰ জীৱনযোৰা উচ্চ আৰু নিম্ন সকলোৰে সন্মুখত তেওঁ সমাজৰ আধ্যাত্মিক আৰু সামাজিক নৱনিৰ্মাণৰ বাবে বাহাউল্লাৰ নিৰ্দেশনা অতি উৎকৃষ্ট সৰলতাৰে উপস্থাপিত কৰিছিল৷

Exploring this topic: