শোঘী এফেন্দী

“ … তেওঁ হৈছে ঈশ্বৰৰ চিহ্ন, নিৰ্বাচিত শাখা, ঈশ্বৰৰ ধৰ্মৰ সংৰক্ষক, তেওঁ যাৰ প্ৰতি.. তেওঁৰ প্ৰিয় সকল উন্মুখ হোৱা উচিত৷ তেওঁ ঈশ্বৰৰ শব্দৰ বাখ্যাকৰ্তা৷”

- আব্দুল বাহা

এয়া নিশ্চিত কৰাৰ বাবে যে তেওঁৰ প্ৰকটিকৰণে এক একত্ৰিত পৃথিৱী নিৰ্মাণ কৰাৰ ইয়াৰ উদ্দেশ্যত উপনিত হয়—আৰু বাহাই সমুদায়ৰ সুৰক্ষা আৰু একতা–,বাহাউল্লাই তেওঁৰ জ্যেষ্ঠ পুত্ৰ, আব্দুল বাহাক, তেওঁৰ সংবিদাৰ কেন্দ্ৰৰূপে স্থাপিত কৰিছিল আৰু বিশ্ব ন্যায় মন্দিৰৰ স্থাপনৰ দায়িত্ব অৰ্পন কৰিছিল৷ প্ৰত্যুত্তৰত আব্দুল বাহাই বিশ্ব ন্যায় মন্দিৰে কাৰ্য কৰাৰ বাবে প্ৰয়োজনীয় আদৰ্শবোৰৰ স্থাপন কৰি এয়া বাখ্যা কৰিছিল যে, তেওঁৰ মৃতুৰ পিছত বাহাই সকলে তেওঁৰ জ্যেষ্ঠ নাতিয়েক শোঘী এফেন্দিৰ প্ৰতি উন্মুখ হয়৷ যাক আব্দুল বাহাই বাহাই ধৰ্মৰ ধৰ্ম-সংৰক্ষক নামাকৰণ কৰিছিল৷

উভয় বিশ্ব ন্যায় মন্দিৰ আৰু ধৰ্মসংৰক্ষকক বাহাউল্লাৰ আদৰ্শক কাৰ্য্যাম্বিত কৰা, বিধানবোৰৰ স্থাপন কৰা, সংস্থাবোৰৰ সুৰক্ষা, আৰু বাহাই ধৰ্মক সদা বিকশিত সমাজৰ সৈতে অভিযোজিত কৰাৰ দায়িত্ব অৰ্পন কৰা হৈছে৷

৩৬ বছৰৰ বাবে, তেওঁৰ অসাধাৰণ দুৰদৃষ্টি, বুদ্ধিমত্তা, সমৰ্পণেৰে শোঘী এফেন্দীয়ে বিকাশক ব্যবস্থাগত ভাৱে পোষিত কৰিছিল আৰু বাহাই সমুদায়ৰ একতাক মজবুত কৰিছিল, যেতিয়া ই সমগ্ৰ মানৱজাতিৰ বৈচিত্ৰতাক প্ৰদৰ্শিত কৰিবলৈ আৰম্ভ কৰিছিল৷

শোঘী এফেন্দীৰ নিৰ্দেশনাৰ কালত, বাহাই সমুদায়ক প্ৰসাশিত কৰিবলগীয়া বাহাউল্লাৰ দ্বাৰা সংৰচিত অসাধাৰণ ব্যৱস্থাৰ ৰূপৰেখা সমগ্ৰবিশ্বজুৰি তিব্ৰতাৰে অভিবৰ্তিত হৈছিল৷ তেওঁ বাহাই লিখনীবোৰ ইংৰাজীলৈ অনুবাদ কৰিছিল আৰু পবিত্ৰভূমিত বাহাই প্ৰশাসনিক কেন্দ্ৰক বিকশিত কৰিছিল, আৰু তেওঁৰ দ্বাৰা লিখা হেজাৰ হেজাৰ পত্ৰ, সমাজৰ আধ্যাত্মিক দিশ আৰু সামাজিক পৰিৱৰ্তন গতিমন্ততাৰ প্ৰতি এক গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল, আৰু মানৱজাতিৰ ভৱিষ্যতৰ বাবে আশ্চৰ্যকৰ দুৰদৃষ্টি অনাবৃত কৰিছিল যি দিশে মানৱজাতি এতিয়া আগবাঢ়িছে৷

Exploring this topic: