বিশ্ব ন্যায় মন্দিৰ

"ঈশ্বৰৰ ন্যায়ৰ মন্দিৰৰ লোকক জনগণৰ কাৰ্য্যবোৰৰ দায়িত্ব অৰ্পন কৰা হৈছে৷ তেওঁলোক নিশ্চয়, তেওঁৰ সেৱকসকলৰ মাজত তেওঁৰ ন্যাসী আৰু তেওঁৰ দেশবোৰৰ মাজত কতৃত্বৰ দিবাস্ৰোত৷”

- বাহাউল্লা

বিশ্ব ন্যায় মন্দিৰ হৈছে বাহাই ধৰ্মৰ আন্তৰাষ্ট্ৰীয় প্ৰশাসনিক পৰিষদ৷ বাহাউল্লাই তেওঁৰ কিতাব-এ-অকদাস্ ত এই সংস্থাৰ নিৰ্মাণ কৰিবলৈ উল্লেখ কৰিছিল৷

বিশ্ব ন্যায় মন্দিৰ হৈছে ন জন সদস্যৰ এক সংস্থা, যি প্ৰত্যেক পাঁচ বছৰে এবাৰ সকলো ৰাষ্ট্ৰীয় আধ্যাত্মিক সভাৰ সদস্য সকলৰ দ্বাৰা নিৰ্বাচিত কৰা হয়৷ বাহাউল্লাই এই সংস্থাৰ ওপৰত দিব্য কতৃত্ব প্ৰদান কৰি মানৱজাতিৰ কল্যান, শিক্ষাৰ উন্মোচন, শান্তি আৰু বৈশ্বিক সমৃদ্ধিতক ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে মানৱৰ উচ্চ সন্মান আৰু ধৰ্মৰ স্থানৰ ৰক্ষা কৰাৰ দায়িত্ব অৰ্পণ কৰিছে৷ বাহাই শিক্ষাক এক সদা বিকাশিত হৈ থকা সমাজৰ প্ৰয়োজনীয়তা অনুসাৰে প্ৰয়োগ কৰাৰ বাবে দায়ত্ব অৰ্পণ কৰা হৈছে আৰু সেয়েহে বাহাই পবিত্ৰ লিখনীত সন্নিহিত নথকা বিষয়বোৰত বিধান প্ৰণয়ন কৰিবলৈ সমৰ্থ৷

১৯৬৩ত ইয়াৰ প্ৰথম নিৰ্বাচনৰ পিছৰে পৰা বিশ্ব ন্যায় মন্দিৰে বিশ্ব বাহাই সমুদায়ক এক সমৃদ্ধ বিশ্ব সমুদায় নিৰ্মাণত যোগদান কৰিবৰ বাবে ক্ষমতাৰ বিকাশৰ পিনে মাৰ্গদৰ্শণ কৰিছে৷ বিশ্ব ন্যায় মন্দিৰৰ দ্বাৰা প্ৰদত্ত মাৰ্গদৰ্শণে বাহাই সমুদায়ত চিন্তা আৰু কাৰ্য্যৰ একতা নিশ্চিত কৰে যেতিয়া ই বাহাউল্লাৰ বিশ্ব শান্তিৰ দুৰদৃষ্টিক বাস্তৱলৈ ৰূপায়িত কৰাৰ প্ৰচেষ্টা কৰে৷

Exploring this topic: