“বোধগম্যতা আৰু অন্তৰ্দৃষ্টি সম্পন্ন প্ৰত্যেক মানৱৰ বাবে এয়া উচিত যে সি যি লিখা হৈছে তাক বাস্তৱত ৰূপায়িত কৰিবলৈ যথাসম্ভৱ প্ৰচেষ্টা কৰে৷… তেওঁ নিশ্চয় এজন মানুহ যি, আজিৰ দিনত, সমগ্ৰ মানৱজাতিৰ সেৱাত নিজকে উৎসৰ্গিত কৰিছে৷”



বাহাউল্লা৷

যেতিয়া এক গাঁও বা চুবূৰিত সমুদায় নিৰ্মাণৰ প্ৰক্ৰিয়া সঘন হ’বলৈ ধৰে, ইয়াত জড়িত ব্যক্তি সকল অধিকাধিক সামাজিক ক্ৰিয়াকলাপ আৰু ইয়াৰ জনসমুদায়ৰ সন্মুখত থকা ভৌতিক সমস্যাবোৰৰ বিষয়ে সচেতন হ’বলৈ ধৰে৷ তেওঁলোকে বাহাউল্লাৰ শিক্ষাত থকা কিছুমান আদৰ্শক তেওঁলোকৰ সমুদায়ত থকা কিছুমান সমস্যাৰ সমাধান কৰাৰ বাবে ব্যৱহাৰ কৰিবলৈ ধৰে, যেনে নাৰী আৰু পুৰুষৰ সমানতা, পৰিৱেশ, কৃষি আৰু শিক্ষা৷ যেতিয়া এই বিষয়বোৰৰ ওপৰত সচেতনতা জাগৃত হয়, অধ্যয়নচক্ৰ, কিশোৰ কাৰ্যক্ৰম, সামুহিক উপাসনা আদিৰ দ্বাৰা নিৰ্মিত এক উমৈহতীয়া উদেশ্যৰ এক দল সমুদায়ৰ বিকাশৰ বাবে কিছুমান কাৰ্যকলাপ হাতত ল’বলৈ ধৰে৷ কিছুমান অনানুষ্ঠানিক আৰু সেৱা প্ৰকল্প কেতিয়াবা অধিক স্থায়ী কাৰ্যকলাপলৈ ৰূপান্তৰিত হয় যেনে, প্ৰশিক্ষণ শ্ৰেণী আৰু কেতিয়াবা সামুদায়িক বিদ্যালয়ৰো ৰূপ লয়৷ ইয়াৰ কিছুমান পিছলৈ অধিক জটিল সংস্থা আৰু বিশাল আনুষ্ঠানিক বিদ্যালয়লৈ পৰিৱৰ্তিত হয়৷

যদিও কাৰ্যৰ ক্ষেত্ৰ আৰু জটিলতাৰ আধাৰত ইহঁত ভিন্ন, প্ৰত্যেক সামাজিক ক্ৰিয়াৰ ক্ষেত্ৰত এয়া সত্য যে এইবোৰ মানৱজাতিৰ আধ্যাত্মিক আৰু ভৌতিক প্ৰগতিত সহায় কৰাৰ দুৰদৃষ্টি, মানৱজাতিৰ একতাত বিশ্বাস, ন্যায়ৰ অৱধাৰণাৰ আধাৰত, সকলোতে নিজৰ সমুদায়ৰ বিকাশৰ বাবে জ্ঞানৰ সৃষ্টি আৰু প্ৰয়োগ কৰিব পৰা ক্ষমতাৰ নিৰ্মাণত কেন্দ্ৰিত হৈ সম্পাদন কৰা হয়, আৰু শিকাৰ এই প্ৰচেষ্টা আলোচনা, অধ্যয়ন, কাৰ্য্য আৰু প্ৰতিফলনৰ বৈশিষ্টৰে বিশিষ্ট৷

Scroll Up